নাৰায়ণ কৱচ অসমীয়াত | Narayan Kavach in Assamese

নাৰায়ণ কৱচ অসমীয়াত,Narayan Kavach in Assamese

Narayan Kavach in Assamese

নাৰায়ণ কৱচ অসমীয়াত

শ্ৰীশ্ৰী কৃষ্ণায় নমঃ

শ্লোক

শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ।
নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ। ।

নমঃ পঙ্কজানাভায় নমঃ পঙ্কজমালীনে।
নমঃ পঙ্কজানেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে। ।
বসুদেৱ সুতং কৃষ্ণ কংসচাণুৰ মৰ্দ্দনং।
দৈৱকীহৄদয়ানন্দং কৃষ্ণং বন্দে জগদগুৰুম। ।

নাৰায়ণ কৱচ

শুকনিগদতি শুনা সুভদ্ৰাৰ নাতি।
বিশ্বৰূপে এহি অঙ্গীকাৰ কৰি আতি। ।
দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত।
কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত। ।

অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যাই।
তাক নষ্ট কৰিবাক দিলন্ত উপায়। ।
নাৰায়ণ কৱচ দিলন্ত বাসৱক।
যাক পায়া ইন্দ্ৰ সৱে জিনিলা দৈত্যক। ।

পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি।
কৃষ্ণৰ প্ৰসাদে সৱে তাৰিলা বিপত্তি। ।
হেন শুনি পৰীক্ষিতে পুছন্ত শুকত।
কহিয়ো বান্ধৱ গুৰু মহাভাগৱত। ।

তুমি বিনে মোৰ প্ৰাণবন্ধু নাহি আন।
কৰিয়োক মোক কৃষ্ণ কথা মধু পান। ।
হৰি কথা ৰসে মোৰ নিমজিল চিত্ত।
মৰাৰ মুখত যেন ঢালিল অমৃত। ।

নাৰায়ণ কৱচক পায়া শচীপতি।
লীলায়ে দৈত্যক জিনি সাধিলা জয়তি। ।
সেহি কৱচৰ কথা মোত কহিয়োক।
চৰনে শৰণ লৈলো উদ্ধাৰিয়ো মোক। ।

ৰাজাৰ বচন শুক ভৈলা আনন্দিত।
হাঁসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত। ।
পুৰোহিত হুয়া বিশ্বৰূপ মহামতি।
সাৱধানে পুছে হেন বাসৱক প্ৰতি। ।

নাৰায়ণ কৱচ কহিলা সাৱচিতে।
তাক এৱে কহোঁ ৰাজা শুনা একচিত্তে। ।
বিশ্বৰূপ বদতি শুনিয়ো হৰি হয়।
যদি আকস্মাত আসি মিলে মহাভয়। ।

হস্ত পদ প্ৰক্ষালিয়া উত্তৰৰ মুখে।
কুশহস্তে আচমন কৰি মহাসুখে। ।
মূলমন্ত্ৰে অঙ্গন্যাস কৰন্যাস কৰি।
শুচি সংযমন হুয়া মাধৱক স্মৰি। ।

নাৰায়ণ কৱচক কৰিবে ধাৰণ।
অনায়াসে হৈব ঘোৰ ভয় নিবাৰণ। ।
পদ জানো উৰুযুগ উদৰ হৃদিত।
উৰঃস্থলে মূলে শিৰে যথা ক্ৰমোদিত। ।

প্ৰণৱাদি অষ্টাক্ষৰ মন্ত্ৰ মহা ৰঙ্গে।
ন্যাস কৰিবেক জানা সেহি সৱ আঙ্গে। ।
দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ।
ন্যাসিবেক অঙ্গুলিৰ পূৰ্বে নিৰন্তৰ। ।

হ্যদি শিৰ কৰ মধ্যে শিখাত নেত্ৰত।
শৰীৰৰ সন্ধিস্থানে এহি ক্ৰম মত। ।
ষড়ক্ষৰ মন্ত্ৰন্যাস কৰি শুদ্ধমন।
মকাৰ অক্ষৰে কৰিবেক দিগ্বন্ধন। ।

আপোনাক ঈশ্বৰ স্বৰূপে ধ্যান কৰি।
এহি মন্ত্ৰ উচ্চাৰিব মাধৱক স্মৰি। ।
মোৰ সব্ব ৰক্ষা কৰন্তোক দেব হৰি।
গৰুৰ পৃষ্ঠত পাদ পদ্ম যুগধৰি।।

খৰ্গ চম্ৰ শংখ গদা বাণ আৰু পাশ।
ধনু ধৰি অষ্ট ভূজ জগত নিবাস।।
জলে জল জন্ত বৰুণৰ পাশ হন্তে।
মোক ৰাখন্তুক মৎস্য ৰুপি ভগৱন্তে।।

স্থলে ৰাখন্তুক ত্ৰিবিক্ৰম যেবামণ।
আকাশত বিশ্বৰূপে কৰোক ৰক্ষণ।।
দুৰ্গম দাৰুণ বন সংকত সংগ্ৰামে।
মোক ৰক্ষা কৰন্তোক নৰসিংহ নামে।।

ৰাখন্তক যজ্ঞ ৰুপি বৰাহে পথত।
যিটো উদ্ধাৰিলা ভূমি প্ৰলয় জলত।।
পৰশুৰামে ৰাখন্তক গিৰি শিখৰত।
শ্ৰীৰামে লক্ষ্মণে ৰাখন্তক প্ৰবাসত।।

অভিচাৰ মন্ত্ৰ যত আনো প্ৰমাদত।
নাৰায়ণে তাত মোক ৰাখন্ত সতত।।
গৰ্ভত ৰাখন্ত মোক নৰ কৃপাময়।
যোগভ্ৰষ্ট হন্তে ৰাখন্তক দত্তাত্ৰেয়।।

কপিলে ৰাখন্ত মোক কৰ্মযে বন্ধনত।
সনতকুমাৰে মোক ৰাখন্ত কামত।।
দেব হেলনত ৰাখন্তক হয়গ্ৰীৱ।
কৃষ্ণ পূজা চিদ্ৰত ৰাখন্তক সদাশিৱ।।

নৰকত হন্তে ৰাখন্তক কুৰ্ম্মহৰি।
অপথ্য ভোজনে ৰাখন্তক ধননতৰি।।
ক্ষুধা তৃষ্ণা লোভ মোহ শীত উষ্ণ যত।
ঋষভ ঈশ্বৰে মোক ৰাখন্ত সতত।।

যজ্ঞে ৰাখন্তক মোক লোক কলংকত।
বলোভদ্ৰে ৰাখন্তক দুৰ্ঘত কালত।।
অনন্তে ৰাখন্ত মোক সৰ্পৰ বিষত।
ভগৱন্ত ব্যাসে ৰাখন্তক অজ্ঞানত।।

বুদ্ধে ৰাখন্তক পাষণ্ডৰ বিবাদত।
কল্কি ৰাখন্তক কলিমল পাতকত।।
প্ৰভাতত শংঙ্খ ধৰি ৰাখন্ত কেশবে।
ধেনু ধৰি গোবিন্দে ৰাখন্ত আসংগবে।।

পুৰ্ব্বাহ্নে ৰাখন্ত গদা ধৰি নাৰায়ণে।
চক্ৰ ধৰি বিষ্ণুৱে ৰাখন্ত মধ্যদিনে।।
অপৰাহ্ণে মধুৰিপু ধৰি উগ্ৰ ধনু।
সায়হ্ণে মাধৱে মোক ৰাখন্তোক পুনু।।

সন্ধ্যা কালে হৃষীকেশ ৰাখন্তোক মোক।
অৰ্দ্ধৰাত্ৰি কালে পদ্মনাভে ৰাখন্তক ।।
পাছৰাত্ৰি ৰাখন্তক শ্ৰীব্তসলাঞ্ছন।
প্ৰতুষ কালে খড়্গ ধৰি ৰাখে জনাৰ্দন ।।

উভয় সন্ধ্যাত ৰাখন্তোক দামোদৰে।
ভগবন্ত কাল মুৰ্তি যিটো বিশ্বেশ্বৰে।।
প্ৰলয় অগনি সম চক্ৰ তীক্ষ্ম ধাৰ।
মাধৱৰ আদেশে ভ্ৰমিও নিৰন্তৰ।।

দহিয়ো দহিয়ো মোৰ শত্ৰু সেনা যত।
শুকান বনক বহ্নি দহে যেন মত।।
হে কৌমুদকদী গদা মাধৱৰ প্ৰিয়া।
গোবিন্দৰ দাস ভৈলো কৰিওক দয়া।।

বজ্ৰতো অধিক দৃঢ় দেখি হোৱে ভীত।
যক্ষ ৰাক্ষস আদিযত কৰা চূৰ্ণীকৃত।।
হে পাঞ্চজন্য মাধৱৰ প্ৰিয় শংখ।
মোৰ শত্ৰু গণৰ লগায়ো হৃদি তংক।

প্ৰেত পিশাচক ঘোৰ যক্ষ ৰাক্ষসক ।
চণ্ড নাদ কৰি সবে খেদায়ো দূৰক।।
শুনিয়ো নন্দক খৰ্গ বৰ তীক্ষ্ম ধাৰ।
প্ৰভুৰ আদেশে শত্ৰু ছেদিয়ো আমাৰ।।

হে শত চন্দ্ৰ চৰ্ম প্ৰিয় মাধবৰ।
ঢাকিওক চক্ষুছয় শত্ৰু কতকৰ।।
দুষ্ট গ্ৰহ গণ হন্তে মিলে যিটো ভয়।
সৰ্প ব্যাঘ ভূতাদিত যিবা ভয় হয়।।

শ্ৰী কৃষ্ণ নামৰূপ অষ্টৰ কীৰ্ত্তনে।
সবে ৰিষ্ট নষ্ট মোৰ হৌক এতিক্ষণে।।
বেদময় গৰুৰ কৃষ্ণৰ মুখ্য যান।
সমষ্ট দুখৰ মোক কৰা পৰিত্ৰাণ।।

আপোনাৰ নামে বিশ্বক সেন ভগৱন্তে।
ৰক্ষা কৰন্তক মোক মহাদু:খ হন্তে।।
মাধৱৰ নাম ৰুপ আয়োধ বাহন।
পাৰিষদ গণ আৰু যতেক বাহন।।

মোৰ প্ৰাণ বুদ্ধি মন ইন্দ্ৰীয় গণ যত।
ইসবক ৰাখিয়োক সৰ্ব আপদত।।
স্থুল সুম্খ প্ৰাণী যত আছে সংসাৰত।
ঈশ্বৰেসে হুয়া যেবে আছে স্বৰূপত।।

এহিসব মোৰ যত উপদ্ৰৱ মানে।
সবে নষ্ট হৌক কৃষ্ণনাম সুমৰণে।।
যেবে স্বৰূপত এক নিৰ্বিকল্পে হৰি।
মায়ায়ে ভূষণ আদি ৰুপ আছে ধৰি।।

সেহি সত্যে সৰ্ব্বজ্ঞ ঈশ্বৰে সদা মোক।
সৰ্বস্হানে সৰ্ব ৰুপে ৰক্ষা কৰন্তক।।
অৰ্দ্ধে উৰ্দ্ধে দশোদিশে বাহ্য অভ্যন্তৰে।
পুনো নৰসিংহে ৰাখন্তক নিৰন্তৰে।।

যাৰ নাদে লোকৰ গুছাইলা সবে ভয়।
নিজ তেজে সবাহাৰ তেজ কৈলা ক্ষয়।।
বিশ্বৰূপ বদতি শুনিয়ো হৰি হয়।
এহি দিব্য নাৰায়ণ কবছ দুৰ্জয়।।

কহিলো তোমাত আক ধৰিও হৰিষে।
জিনিবাহা অপ্ৰয়আসে দৈত্যক নিশেষে।।
এহি কবচক যিটো কৰিয়া ধাৰণ।
যাক যাক প্ৰতি কৰে চক্ষুয়এ দৰ্শন।।

চৰনে বা কদাচিত পৰশ কৰয়।
সিয়ো জন সবে জানা ভয় মুক্ত হয়।।
ৰাজ ভয় বৈৰীভয় গ্ৰহভয় যত।
আদি ব্যাধি আদি যত আছে সংসাৰত।।

কিছুৱে নাপাৱে তাক জানিবা নিশ্চয়।
এই মহাবিদ্যা যিটো হৃদয়ে ধৰয়।।
পূৰ্বে এক আছিলা কৌশিক নামে ঋষি।
তেহো মহাবিদ্যা ইটো ধৰিলা হৰিষি।।

মৰুভূমি মাজে তেহো প্ৰাণক চাৰিলা।
বিদ্যাৰ প্ৰভাৱে পাছে মুকুতি লভিলা।।
একদিনা চিত্ৰৰথ গন্ধবৰ পতি।
অপেশুৰা গণ সমে ৰথে কৰে গতি।।

কৌশিকৰ অস্হিছয় যত আছে পৰি।
তাহাৰ উপৰে গৈল দিব্য ৰথ ছৰি।।
সেহি দোষে পূণ্যক্ষয় ভৈলা সেহিকালে।
ৰথ সমে অধোমুখে পৰিল নিধালে।।

পৃথিৱীত পৰি দুখে কৰে হাহাকাৰ।
কোন দোষে হেন গতি ভৈলেক আমাৰ।।
পাছে বাল্যখিল্য ঋষি সকলে কহিলা।
বৈষ্ণৱৰ অস্হিৰ উপৰে উৰি গৈলা।।

আউৰ তযু ৰথ নচলিব স্বৰ্গপথ।
দেখা বৈষ্ণৱৰ কেনে তেজৰ সামৰ্থ।।
এবেহেন কৰা অস্হিচয় তুলি লোৱা।
সৰস্বতী জলে নিয়া আপুনি লগোৱা।।

তেবে সেহি পূণ্য ইটো পাপ হৈব ক্ষয়।
এহিৰথে চৰি যাইবা স্বৰ্গৰ নিলয়।।
শুনি চিত্ৰৰথে বাল্যখিল্যৰ বচন।
শিৰে তুলি লৈল বৈষ্ণৱৰ অস্হিগণ।।

ভক্তি ভাবে লগাই সৰস্বতী জলত।
স্বৰ্গে লৰি গৈল চৰি দিব্য বিমানত।।
শুকনিগ দতি শুনা অভিমন্যু সুত।
নাৰায়ণ কবচক মহিমা অদভূত।।

যিটো ইটো কবচক শুনে একমন।
যদিবা আদৰ ভাবে কৰয় ধাৰন।।
তাহাঙ্ক সমস্ত প্ৰাণী কৰয় বন্দন।
সকলো ভয়ত সিটো হোৱয় মোচন।।

বিশ্ব ৰূপ ব্ৰাহ্মণৰ হস্তে মহামতি।
এহি মহাবিদ্যাক জানিয়া সুৰপতি।।
অসুৰ সবক জিনি ঘোৰ সমৰত।
ত্ৰৈলোক্যৰ লক্ষীক ভূঞ্জিলা অব্যাহত।।

ইটো কথা এহিমানে ভৈল সমাপতি।
মহেন্দ্ৰৰ আগে বিশ্বৰূপ নিগদতি।।
কৃষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম।
পাতক ছাৰোক দাকি বোলা ৰামৰাম।।

কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম।।


Read More Assamese Lyrics:

Post a Comment

0 Comments